ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.21 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৬ 104 29906 159797 65684 2022-07-24T08:02:35Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="অনামিকা(চুমু) বড়া" />{{Head2Columns}}</noinclude>{{center|'''শ্ৰীমন্ত শঙ্কৰদেৱ'''}}<br/> {{gap}}শ্ৰীমন্ত শঙ্কৰদেৱ ১৪৪৯ খৃষ্টাব্দত অসমৰ নগাওঁ জিলাৰ বটদ্ৰৱাৰ ওচৰৰ আলিপুখুৰী নামে ঠাইত জন্মে। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞাঁ। শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মৰ অলপ দিন পাছতেই পিতৃ-মাতৃ স্বৰ্গী হয়; বুঢ়ীমাক খেৰসূতী আইৰ লালন-পালনত তেওঁ ডাঙৰ হয়।<br/> {{gap}}শ্ৰীমন্ত শঙ্কৰৰ ৰূপ-গুণৰ কথা তেওঁৰ চিৰসঙ্গী মহাপুৰুষ শ্ৰীমাধৱদেৱে এইদৰে বৰ্ণনা কৰিছে—শ্ৰীশঙ্কৰৰ বৰ্ণ গৌৰ, মূৰ ছত্ৰাকাৰ, নয়ন আয়ত, অধৰ ৰাতুলু, উৰু, জানু, জঙ্ঘা আদি সকলো অঙ্গ দেখিবলৈ সুশোভন, ডিঙিত ধৱল উত্তৰী, বক্ষস্থলত কণ্ঠমণি, হিয়াত সুৱৰ্ণৰ হাৰ, দুই হাতত তাৰ, হাতৰ আঙ্গুলিত আঙ্গঠি, নীলা পাৰিৰ হেঙুলীয়া ভুনি, মুখত মিচিকীয়া হাঁহি, বাণী মেঘৰ দৰে গম্ভীৰ, গজগতি গমন, ধীৰ মতি, দেৱতাৰ দৰে তেওঁৰ বিতোপন ৰূপ।<br/> {{gap}}শ্ৰীমন্ত শঙ্কৰদেৱে তেৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলী নামে পণ্ডিতৰ পাঠশালাত বিদ্যা শিক্ষা আৰম্ভ কৰে। তেওঁ চাৰি বছৰতেই হিন্দুধৰ্ম্মৰ আৱশ্যকীয় সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি শেষ কৰে। তাৰ পাছত ঘৰলৈ যায় আৰু যোগ অভ্যাস কৰিবলৈ ধৰে। ইয়াৰ পাছত ভাগৱত আলোচনাত মগ্ন হয়। তাকে দেখি খুৰাকসকলে তেওঁক বিয়া কৰাই দিয়ে আৰু পিতৃৰ শিৰোমণি বিষয় শোধাই দিয়ে। শ্ৰীশঙ্কৰে এৰাব নোৱাৰি দুয়োটা বিষয় পোনতে কিছুদিন চলাবলৈ ধৰিলে। কিন্তু পাছলৈ তেওঁৰ ধৰ্ম্মচিন্তা {{TwoColumns}} औमंत शंकरदेव सन १४४८ में .आसासके नोंगाव जिलाके बंटद्रवाके नजदीक आलिपुखुरी नामक स्थानमें जन्म ग्रहण किया था। उनके पिताका नाम था कुसुम्बर शिरोमणि भुजाँ। ओजम॑ंत शंकरदेवक जन्मके थोड़े दिन बाद माता पिता इस दुनिवासे चल बसे । बे नानोकी परवरिश बडे हये । औसत शंकरदेवके रूप-गुणकी बात उनके चिरसंगी महापुरुष औमाधवदेवने इस तरह बयान को है-जोशंकरदेव गौरवणण, कत्ाकार मस्तक, आयत नयन, रक्ताभ अधर, उरु, जानु-जंघा आदि सब अ'म देखनेमे' सुशोभित; गलेमें धवल उत्तरोय, वक्तःस्थलम क'ठमणि, हियमें सुवर्णहार, बाजुमें तार, अगुलोम' अंगुठों, नौलो पारिको केशरिया धोतो, मुखपर मंदरँसो, वाणी मेघको तरह गंभौर, गज-गसन, घोर मति, देवताकी तरह उनका सुशोभित रूप । औसंत शंकरदेव १३ बर्षकौ अवस्थामें महेन्द्र कन्दलौ पंडित को पाठशालामें विद्याध्ययनके लिये प्रविष्ट इये और चार वर्षोमें हो “हिन्दूधर्म” का अध्ययन समाप्त कर लिया। इसके पश्मात्‌ धर आकर योगाभ्यास करने लगे और भ्गवत्‌ चि'तनमें अपनेको लगा दिया। घरवालोंने यह देखकर इनका विवाह कर इनको सांसारिक ग्टहस्थ कर्म करनेको अनुप्रेरित किया। घरवालोंके अनुरोध को न रख सकनेके कारण वे दोनों कर्म करने रह पर अपने मानसिक इंडको न रोक सकनेके कारण वे अपना ध्यान<noinclude>{{Foot2Columns}}</noinclude> ol85d2y47vp88twssir10vt6ukh5s4b পৃষ্ঠা:অনিমা গুহ.pdf/১১২ 104 59517 159789 158217 2022-07-24T06:48:55Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>বাইদেউক। তেওঁলোকৰ পৰিণত বয়সতে মৃত্যু হৈছিল। তাৰ পাছতে আৰম্ভ হ'ল অকাল মৃত্যু। {{gap}}গুৱাহাটীত মাজু জাৰ শ্ৰাদ্ধৰ দিনা গধূলি কলকাতাত থকা সৰু জা কৰবীৰ লগত টেলিফোনত কৰিছিলো দীর্ঘ বাৰ্তালাপ। তেওঁ কৈছিল বৃহত্তৰ গুহ পৰিয়ালৰ আৰু দুই-তিনিগৰাকী সদস্যই মৃত্যুৰ লগত যুঁজি আছে। তেওঁলোক আমাৰ খুৰা শহুৰৰ পুত্ৰসকল। পিছদিনা ৰাতি দহমান বজাত দেওৰৰ ফোন— ‘বৌদি, আপোনালোক আহক, কৰৱী বোধকৰো নাই।' শুনি মোৰ সৰ্বশৰীৰ অসাৰ হৈ পৰিল। কম বয়সীয়া এইগৰাকী জাই আগদিনা যেতিয়া ফোনত মৃত্যুৰ সৈতে যুঁজি থকা আত্মীয়ৰ কথা কৈ আছিল তেতিয়া জানিছিল নে সেই মৃত্যু থিয় হৈ আছিল তেওঁৰ পিছফালে! মাজনিশা গুৱাহাটীৰ ঘৰত বাতৰিটো পোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠিল। {{gap}}কৰৱী গুচি যোৱাৰ কেইটামান মাহ আগতে মাজু বৰজনাৰ সৰু পুত্ৰ চল্লিশৰ ডেওনা পাৰ হোৱা দেশব্ৰতৰ আকস্মিক মৃত্যুই পৰিয়ালটোৰ ওপৰত চৰম আঘাত হানি থৈ গৈছিল। তাৰ বিয়াখনৰ ঘটকালী ময়েই কৰিছিলো কলকাতাত আমাৰ প্রতিবেশী টুটুৰ লগত। তাইৰ সন্মুখত থিয় দিবলৈ মই মানসিক শক্তি হেৰুৱাই পেলাইছিলো! দুটি এমা-ডিমা পুত্র-কন্যাৰ পঁইত্ৰিশ বছৰীয়া মাকজনী প্রথম আঘাতত ভাগি পৰিছিল যদিও সন্তানৰ মুখলৈ চাই অসীম ধৈৰ্য আৰু সাহসেৰে তেওঁ জীৱনৰ সৈতে যুদ্ধ কৰিবলৈ সাজু হৈছিল। সেই যুদ্ধত জয়ী হোৱা তেওঁ এগৰাকী আদৰ্শ মাতৃ৷ আজি এই যুৱ উচ্ছৃংখলতাৰ দিনত পঢ়াই-শুনাই, স্বভাৱে-চৰিত্ৰই দুয়োকে দুটি ৰত্ন হিচাপে প্রতিষ্ঠিত কৰিছে টুটুই। ইতিমধ্যে দুয়ো সুখ্যাতিৰে ইঞ্জিনিয়াৰিং পাছ কৰি উচ্চ শিক্ষার্থে আমেৰিকালৈ গৈছে। ছোৱালীজনীৰ বিয়া-বাৰুও হ’ল। {{gap}}আশীৰ দশকটোত এজনৰ পাছত এজনক যোৱা দেখি মানসিকভাৱে আমি ভাগি পৰিছিলো। মনত সদায় এটা আতংক লৈ ফুৰো। আৰু যেন শুনিবলগীয়া নহয় মৃত্যুৰ বাতৰি। কিন্তু নিয়তিক বাধা দিব কোনে? কৰৱীৰ শ্ৰাদ্ধৰ পাছত শোকাহত পিতৃক সংগদান কৰিবলৈ জীয়েক মহুৱাই কিছুদিন থাকি যোৱাৰ সিদ্ধান্ত লৈছিল। তাইৰ কথা শুনি নিয়তিয়ে বোধকৰো অলক্ষে হাঁহিছিল। বিনা মেঘে বজ্ৰপাতৰ দৰে খবৰ আহিল দুবছৰ আগতে বিয়া হোৱা দহমহীয়া পুত্ৰ এটাৰ পিতৃ মহুৱাৰ দেওৰেকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হ’ল । তাইৰ কুৰি বছৰীয়া জা–কজনী ইমানে আঁকৰী যে বৰফৰ ওপৰত শুৱাই থোৱা স্বামীৰ মৃতদেহ দেখি ভাবিছিল চিকিৎসা চলি আছে।<noinclude>{{Right|বাকীছোৱা জীৱন /১১১}}</noinclude> eqh3t4yoonojuooyoqqzb4v3f07bzlf পৃষ্ঠা:অনিমা গুহ.pdf/১১৪ 104 59518 159790 158218 2022-07-24T06:56:57Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>'''আমাৰ ডাঙৰ ভিনীহিও গ'লগৈ''' : ১৯৮৫ চনত চকু বিশেষজ্ঞ ভাগিন অসীম উচ্চ শিক্ষার্থে জাপানলৈ যোৱাৰ সময়ত দেউতাক ভুপেন্দ্ৰ নাৰায়ণ দাস অসুস্থ হৈ আছিল। সুযোগ জীৱনলৈ সদায় নাহিব পাৰে, গতিকে দেউতাকে তাক যাবলৈ উদ্‌গনি দিছিল। সি যোৱাৰ কিছুদিনৰ পাছত বাইদেউৰ ডাঙৰ আৰু মাজু পুতেক আলোক আৰু অৰূপে দেউতাকক চিকিৎসাৰ্থে মাদ্রাজলৈ (এতিয়াৰ চেন্নাই) নিছিল যদিও তাতেই তেওঁৰ দেহাবসান ঘটে। ভিনিহি মাৰ জোঁৱাই নহয়, আছিল পুত্র সদৃশ। তেওঁৰ মৃত্যু সংবাদ পাই মনত পৰিছিল ১৯৫৪ চনৰ অক্টোবৰ মাহৰ দিন এটালৈ। আমাৰ ধুবুৰীৰ নিজা ঘৰত কৰ্কটৰোগত আক্রান্ত ৫৪ বছৰীয়া দেউতাই মৃত্যুৰ ক্ষণ গণি বিছনাত পৰি আছে মনত দুশ্চিন্তা লৈ। কি হ'ব কম বয়সীয়া ছোৱালীকেইজনী আৰু পত্নীৰ! তেওঁৰ মনৰ ভাব বুজিব পাৰি ভিনিহিয়ে কৈছিল তেওঁ জীয়াই থাকে মানে পৰিয়ালটোক তেৱেঁই চাব। দেউতাৰ চকুৰ কোণেৰে নিগৰি আহিছিল পৰম নিশ্চিন্ততাৰ দুধাৰি আনন্দাশ্রু। '''মামাবাবু আৰু মামীমা''' : তেজৰ সম্পৰ্ক নাথাকিলেও আত্মীয়তকৈও আপোন আছিল আমাৰ কলকাতাৰ ৪৪ ডি, দুর্গাপুৰ লেনৰ ভাৰাঘৰৰ মালিক-মালিকনী মজুমদাৰ দম্পতী। সেইটো দশকতে কেইটামান বছৰ অগা-পিছাকৈ তেওঁলোকৰ মৃত্যুই আমাক কম আঘাত দিয়া নাছিল। বাহিৰৰ পৰা চাবলৈ গ'লে তেওঁলোক কোনো খ্যাতনামা ব্যক্তি নাছিল যদিও দুয়োৰ ভিতৰত সমাবেশ ঘটিছিল বিৰল কিছুমান গুণৰ। দুয়ো আছিল কুসংস্কাৰ আৰু অন্ধবিশ্বাসমুক্ত যুক্তিবাদী আৰু বিজ্ঞানমনস্ক। চুবুৰিটোত তেওঁলোকক সকলোৱে মামাবাবু আৰু মামীমা বুলি মাতিছিল। দম্পতীযোৰ আছিল বৰ ইণ্টাৰেষ্টিং স্বভাৱৰো। {{gap}}সাধাৰণতে মামীমাৰ বয়সৰ মহিলাসকল ধার্মিক হয়। তেওঁলোকে পূজা-পাতল কৰে, নামঘৰ-মন্দিৰলৈ যায়। মামাবাবুহঁতৰ ঘৰত পিছে কোনো গোসাঁইঘৰ দেখা নাছিলো। দুয়ো প্রায়ে কাজিয়া কৰিছিল যদিও এটা বিষয়ত বৰ মিল, দুয়ো ঘোৰ নাস্তিক। পুতেক দুজনৰ বিয়াৰ পাছত বোৱাৰীয়েকহঁতে বাৰাণ্ডাৰ এটা চুকত থাপনা পাতি পূজা-পাতল কৰিছিল। এবাৰ পুৰোহিত মাতি সৰস্বতী পূজা পাতিলে। পূজা শেষ হোৱাৰ পাছত আৰম্ভ হ'ল অঞ্জলি প্রদান পর্ব। সৰুজনী বোৱাৰী সুজাতা কোবাকুবিকৈ আহিল মোক অঞ্জলি দিবলৈ মাতিবলৈ। স্কুল-কলেজত পঢ়োতে বিদ্যাৰ অধিষ্ঠাত্রী দেবী সৰস্বতীক তুষ্ট কৰিবলৈ অঞ্জলি দিছিলো। তাৰ পাছত সৰস্বতীৰ লগত সম্পর্ক শেষ হৈছিল যদিও মন্ত্ৰবোৰ পাহৰা নাই।<noinclude>{{Right|বাকীছোৱা জীৱন / ১১৩}}</noinclude> fbepvflldrpu6y0b0yz1b2pacpwifv4 পৃষ্ঠা:অনিমা গুহ.pdf/১১৫ 104 59519 159791 158219 2022-07-24T07:04:06Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{Block center|<poem>‘সৰস্বতী মহাভাগে বিদ্যে কমললোচনে বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। এষঃ সচন্দন পুষ্প বিল্ল পত্রাঞ্জলী নমঃ শ্ৰীসৰস্বতী দেব্যৈ নমঃ।।' </poem>}} {{gap}}সুজাতাই সিদিনা মাতিবলৈ আহোতে অলপ চিন্তা হ’ল, নগ’লে জানোচা মামীমাই বেয়া পায়। সাতে-পাঁচে ভাবি গৈ দেখিলো মামীমা তেওঁৰ শোৱনি কোঠাত বহি আছে। সুধিলো অঞ্জলি দিলে নেকি? তেওঁ ভেকাহি মাৰি উত্তৰ দিলে— 'আমাৰে (মোক) কোনদিন পূজা কৰা দেখছ না কি?’ তেওঁৰ উত্তৰ শুনি মই এবাউট টাৰ্ণ কৰি প্রস্থান কৰিলো। {{gap}}পাছৰ কথা আগতে কৈ থওঁ যে মামীমাৰ মৃত্যুৰ বহু পাছত তেওঁলোকৰ ডাঙৰ বোৱাৰী দীপাৰ গোসাঁইঘৰত গোসাঁই-গোসাঁনীলৈ দুপৰীয়া ফুল-বেলপাত-প্ৰসাদ আদি আগবঢ়াই বন্তি গছ জ্বলাইছিল তেওঁলোকৰ ইছলামধর্মী সাহায্যকাৰিনীজনীয়ে ৷ দীপাক কৈছিলো— ‘মহাত্মা গান্ধী জীয়াই থকা হ’লে তোমাক ভাৰতৰত্ন উপাধিৰে বিভূষিত কৰিলেহেঁতেন।' দীপাই কয়— ‘কিনো ডাঙৰ কামটো কৰিলো? ৰেহানা কিবা মানুহ নহয় নেকি? তদুপৰি আল্লা যি, ঈশ্বৰো তেৱেঁই।' সকলোৰে দৃষ্টিভংগী দীপাৰ দৰে হোৱা হ'লে ভাৰতৰ বুকুৰ পৰা সাম্প্ৰদায়িকতা শব্দটো লোপ পালেহেঁতেন। {{gap}}মামীমাৰ প্ৰসংগলৈ উভতি যাওঁ। চুবুৰিৰ মহিলা এগৰাকীয়ে মামীমাক এদিন জনালে যে সিদিনা টিভিত ধর্মমূলক কথাছবি এখন দেখুৱাব। তেওঁ যোৱাৰ পাছত মামীমাই মোক কি ক’লে জানে নে? ‘আমি হৈছি বইল্যা কি আমাৰ মনটোও বুঢ়া হৈছে? ঐসব ধৰ্মেৰ ছিনেমা দেইখ্যা কি হইব? আমি ভালবাসি নাচ-গান হাসি- কান্না, বিৰহ-মিলন ইত্যাদি।' আচলতে মামাবাবু আৰু মামীমা দুয়ো ঘোৰ নাস্তিক বুলি কোৱা হৈছে। দুয়ো চিৰসেউজ প্ৰকৃতিৰ। মামীমা আকৌ ঘোৰ নাৰীবাদীও। পুতেকহঁততকৈ বোৱাৰীয়েকহঁতৰ প্ৰতি তেওঁ অধিক সহানুভূতিশীল আছিল। {{gap}}সত্তৰৰ দশকত বিবাহ-বিচ্ছেদৰ ঘটনা মধ্যবিত্ত সমাজত বিৰল আছিল। কোৱা বাহুল্য তাৰ বাবে ঘাইকৈ পত্নীগৰাকীহে নিন্দিত হৈছিল। চুবুৰিটোৰ চাকৰিয়াল বোৱাৰী এজনীৰ বিবাহ বিচ্ছেদ হোৱাত সকলোৱে তাইৰ নিন্দাত মুখৰ হ’ল। নিজে উপার্জনশীল বাবেই হেনো তাইৰ ইমান আস্পর্ধা, শহুৰেকৰ ঘৰৰ মানুহেও তাকেই ক’লে। এনে পৰিস্থিতিত একমাত্র মামীমা আছিল বোৱাৰীজনীৰ ফলীয়া। ক’লে— ‘নিজে আৰ্জিব পাৰিলে পুৰুষৰ অধীনস্থ হৈ থকাতকৈ নথকাই ভাল। মই তোমালোকৰ মামাবাবুৰ<noinclude> {{Left|১১৪/ বাকীছোৱা জীৱন}}</noinclude> iv1uvghef11tpzqx7jdhxgx7431myvb 159792 159791 2022-07-24T07:04:48Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>{{Block center|<poem>{{gap}}‘সৰস্বতী মহাভাগে বিদ্যে কমললোচনে বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। এষঃ সচন্দন পুষ্প বিল্ল পত্রাঞ্জলী নমঃ শ্ৰীসৰস্বতী দেব্যৈ নমঃ।।' </poem>}} {{gap}}সুজাতাই সিদিনা মাতিবলৈ আহোতে অলপ চিন্তা হ’ল, নগ’লে জানোচা মামীমাই বেয়া পায়। সাতে-পাঁচে ভাবি গৈ দেখিলো মামীমা তেওঁৰ শোৱনি কোঠাত বহি আছে। সুধিলো অঞ্জলি দিলে নেকি? তেওঁ ভেকাহি মাৰি উত্তৰ দিলে— 'আমাৰে (মোক) কোনদিন পূজা কৰা দেখছ না কি?’ তেওঁৰ উত্তৰ শুনি মই এবাউট টাৰ্ণ কৰি প্রস্থান কৰিলো। {{gap}}পাছৰ কথা আগতে কৈ থওঁ যে মামীমাৰ মৃত্যুৰ বহু পাছত তেওঁলোকৰ ডাঙৰ বোৱাৰী দীপাৰ গোসাঁইঘৰত গোসাঁই-গোসাঁনীলৈ দুপৰীয়া ফুল-বেলপাত-প্ৰসাদ আদি আগবঢ়াই বন্তি গছ জ্বলাইছিল তেওঁলোকৰ ইছলামধর্মী সাহায্যকাৰিনীজনীয়ে ৷ দীপাক কৈছিলো— ‘মহাত্মা গান্ধী জীয়াই থকা হ’লে তোমাক ভাৰতৰত্ন উপাধিৰে বিভূষিত কৰিলেহেঁতেন।' দীপাই কয়— ‘কিনো ডাঙৰ কামটো কৰিলো? ৰেহানা কিবা মানুহ নহয় নেকি? তদুপৰি আল্লা যি, ঈশ্বৰো তেৱেঁই।' সকলোৰে দৃষ্টিভংগী দীপাৰ দৰে হোৱা হ'লে ভাৰতৰ বুকুৰ পৰা সাম্প্ৰদায়িকতা শব্দটো লোপ পালেহেঁতেন। {{gap}}মামীমাৰ প্ৰসংগলৈ উভতি যাওঁ। চুবুৰিৰ মহিলা এগৰাকীয়ে মামীমাক এদিন জনালে যে সিদিনা টিভিত ধর্মমূলক কথাছবি এখন দেখুৱাব। তেওঁ যোৱাৰ পাছত মামীমাই মোক কি ক’লে জানে নে? ‘আমি হৈছি বইল্যা কি আমাৰ মনটোও বুঢ়া হৈছে? ঐসব ধৰ্মেৰ ছিনেমা দেইখ্যা কি হইব? আমি ভালবাসি নাচ-গান হাসি- কান্না, বিৰহ-মিলন ইত্যাদি।' আচলতে মামাবাবু আৰু মামীমা দুয়ো ঘোৰ নাস্তিক বুলি কোৱা হৈছে। দুয়ো চিৰসেউজ প্ৰকৃতিৰ। মামীমা আকৌ ঘোৰ নাৰীবাদীও। পুতেকহঁততকৈ বোৱাৰীয়েকহঁতৰ প্ৰতি তেওঁ অধিক সহানুভূতিশীল আছিল। {{gap}}সত্তৰৰ দশকত বিবাহ-বিচ্ছেদৰ ঘটনা মধ্যবিত্ত সমাজত বিৰল আছিল। কোৱা বাহুল্য তাৰ বাবে ঘাইকৈ পত্নীগৰাকীহে নিন্দিত হৈছিল। চুবুৰিটোৰ চাকৰিয়াল বোৱাৰী এজনীৰ বিবাহ বিচ্ছেদ হোৱাত সকলোৱে তাইৰ নিন্দাত মুখৰ হ’ল। নিজে উপার্জনশীল বাবেই হেনো তাইৰ ইমান আস্পর্ধা, শহুৰেকৰ ঘৰৰ মানুহেও তাকেই ক’লে। এনে পৰিস্থিতিত একমাত্র মামীমা আছিল বোৱাৰীজনীৰ ফলীয়া। ক’লে— ‘নিজে আৰ্জিব পাৰিলে পুৰুষৰ অধীনস্থ হৈ থকাতকৈ নথকাই ভাল। মই তোমালোকৰ মামাবাবুৰ<noinclude> {{Left|১১৪/ বাকীছোৱা জীৱন}}</noinclude> no0l4c1byte3sa36mi74fqotmtywov6 পৃষ্ঠা:অনিমা গুহ.pdf/১১৭ 104 59521 159793 158221 2022-07-24T07:09:03Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>পৰিকলপনা তেনেকুৱাই। ইম্ফলত জন্মগ্রহণ কৰিলেও তেওঁ আঠ-ন বছৰ বয়সৰ পৰা গুৱাহাটীতে ডাঙৰ হৈছে। কটন কলেজত আই এ পঢ়ি থাকোতে অসমত বিশ্বযুদ্ধৰ বিধ্বংসী পৰিবেশে তেওঁলোকৰ পৰিয়ালটোৰ মহিলা আৰু ল'ৰা-ছোৱালীক পূৰ্ববংগৰ ঘৰলৈ যাবলৈ বাধ্য কৰে আৰু গৃহস্থ ভর্তি হয় শ্রীকাইল নামৰ জকাইচুকীয়া গাঁওখনৰ কলেজত। তালৈ হেনো নাৱত উঠিহে যাব লাগিছিল। অনুন্নত এলেকা হ'লেও কলেজখনত শিক্ষকতা কৰিছিল কেইগৰাকীমান মেধাৱী অধ্যাপকে। তেতিয়াৰ যুগত কলেজৰ সংখ্যা আছিল কম। গতিকে তেওঁলোকে নাম নথকা কলেজতে অধ্যাপনা কৰিবলৈ আহিছিল। সেই সময়ত তাত আছিল অসমৰ সৈতে সম্পর্ক থকা কান্তি চৌধুৰী নামৰ এগৰাকী অধ্যাপক। কান্তিৰ পত্নী সুজাতা ৰায় ১৯২৯ চনত কটন কলেজত ভর্তি হোৱা প্ৰথমগৰাকী ছাত্রী। এই লেখিকাৰ স্মৃতিকথাৰ প্ৰথম খণ্ডতে উল্লেখ কৰা হৈছে যে সুজাতাৰ আইতাক স্বর্ণলতা গুণাভিৰাম বৰুৱাৰ জীয়ৰী। কান্তি চৌধুৰীয়ে কোনোবা এটা সময়ত বৰপেটা কলেজতো অধ্যাপনা কৰিছিল। শ্রীকাইল কলেজত আন এগৰাকী অধ্যাপক আছিল গৃহস্থৰ ভিনীহিয়েক। সংস্কৃত ভাষাত তেওঁ এগৰাকী বিদগ্ধ পণ্ডিত আছিল। তাৰ পৰা তেওঁ বেনাৰছলৈ যায়গৈ। যি কি নহওক চাৰি-পাঁচমাহ মান শ্রীকাইল কলেজত পঢ়া-শুনা কৰি গৃহস্থ ঢাকাৰ দাঁতিকাষৰীয়া মুন্সিগঞ্জ কলেজলৈ গৈ তাৰ পৰা আই এ পাছ কৰে বিশ্ববিদ্যালয়ত চতুর্থ স্থান অধিকাৰ কৰি। তাৰ পিছত বি এ, এম এ পাছ কৰে কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা। {{gap}}গৃহস্থই য’তেই নপঢ়ক, য’লৈকে নাযাওক তেওঁৰ মন পৰি থাকে অসমত। বোধকৰো দেউতাক-মাক আৰু ককায়েকহঁতৰ ইচ্ছা আছিল মেধাৱী ভায়েকে কোনো প্রশাসনীয় বিভাগত সোমাওক। পিছে স্কুলৰ ছাত্ৰাৱস্থাৰ পৰা তেওঁ ঢাল খায় মার্ক্সীয় দৰ্শনৰ প্রতি। যিকোনো কাৰণৰ বাবেই নহওক এম এ পাছ কৰি আহি তেওঁ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক হিচাপে যোগ দিছিল। আঠ-ন বছৰ তাত কাম কৰাৰ পাছত পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰিবলৈ দিল্লীৰ ‘স্কুল অব্ ইণ্টাৰনেশ্যনেল ষ্টাডিজ' নামৰ প্ৰতিষ্ঠানটোত যোগ দিয়ে। তেতিয়াই আমাৰ বিয়া হয়। তাৰ পাছৰ আমাৰ ঘৰুৱা জীৱনৰ কাহিনী মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ডত লিখা হৈছে। {{gap}}১৯৯০ চনত কলকাতাৰ ‘চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ'চিয়েল ছায়েন্স’ প্রতিষ্ঠানটোৰ পৰা অৱসৰ গ্ৰহণ কৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰা পখীটো নিজৰ নীড়লৈ আহিবলৈ ব্যস্ত হৈ পৰিল। সেই সময়ত মই কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগত ইউনিভাৰ্ছিটি<noinclude>{{Left|১১৬/ বাকীছোৱা জীৱন}}</noinclude> dy1yg2pc1flsiix8rggorquglpaaqsd পৃষ্ঠা:অনিমা গুহ.pdf/১১৮ 104 59522 159794 158222 2022-07-24T07:16:36Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>গ্ৰাণ্টছ কমিছনৰ ৰিছাৰ্চ এছ'চিয়েট পদত কাম কৰি আছিলো। সেইটো টার্ম শেষ হ’বলৈ কেইমাহমান বাকী আছিল। আন এটা টাৰ্মৰ বাবে চেষ্টা নকৰি ময়ো সকলো সামৰি ১৯৯১ চনৰ মাজ ভাগত গুৱাহাটীমুৱা হ'বলৈ প্ৰস্তুত হ'লো। অনেকে আশা কৰিছিল গৃহস্থ তাতেই থাকিব, উপযাচি দুই-চাৰিজনে ফ্লেটৰ সন্ধানো দিছিল। কিন্তু তেওঁৰ এক কথা— অসমলৈ উভতি যাব। মই তেওঁলোকক এওঁৰ অসম সম্পর্কে লিখা অসমীয়া আৰু বাংলা কবিতা দুটা গাই শুনাইছিলো তেওঁৰ অসমৰ প্ৰতি থকা নিবিড় প্ৰেমৰ বান্ধোনৰ বিষয়ে উপলব্ধি কৰাবলৈ। {{Center|'''লুইত পাৰেৰ গাথা'''}} {{Block center|<poem>::এখানে স্বপ্নেৰ মতো আমাৰ সত্তাৰ সাথে ::জড়ানো, ছড়ানো এক দেশ— ::আমি ভালোবাসি তাৰ বনৰাজি নীল পৰিবেশ। ::কখনও শীতেৰ সাঁঝে বুনো হাঁস ঝাঁক বেঁধে ওড়ে, ::কমলাৰ কুঞ্জে কুঞ্জে ৰসলুব্ধ মৌমাছিৰ ভিড়, ::ৰূপালি আশাৰ মতো বৰফ নিবিড় ::ভূটান পাহাড় চূড়া ঝিলকিয়ে ওঠে! ::কখনও বা প্রথম বৈশাখে ::শিপিনী কুমাৰী সাজে আনকোৰা ৰিহা-মেখেলায় ::ফাটা শিমুলেৰ মতো কিষানেৰ উড়ে চলে মন, ::বহাগীৰ আমন্ত্ৰণ ::... ... ... ::এই তো আমাৰ দেশ— ::শান্তিৰ নিবিড় নীড় আমাৰ অসম ::আমাৰ নাড়িতে জাগে এৰ যত নদীবন পাহাড় ভৈয়াম! ::... ... ... ...'</poem>}} অসমীয়াত লিখা একেটা কবিতাৰ পৰা কেইশাৰীমান তুলি ধৰিলো—<noinclude>{{Right|বাকীছোৱা জীৱন / ১১৭}}</noinclude> r832ngw8jk23mtkrd0y5meneg2sdyez পৃষ্ঠা:অনিমা গুহ.pdf/১১৯ 104 59523 159795 158223 2022-07-24T07:21:07Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude> {{Center|'''লুইত পাৰৰ গীত'''}} {{Block center|<poem>.... শাওণত শুনো মই যৌৱনৰ গান কলঙৰ কল্লোলত, পৰ্বতীয়া নিজৰাৰ শুৱলা ধ্বনিত। আলি দিয়া জুমখেতি বুকু পাতি ধৰি ৰাখে পানী, ভৈয়ামৰ ভিজা মাটি সীৰলু সীৰলু হয়। নাঙলৰ ফালৰ মুখত, লুইতৰ গতিবেগে শিলায়ম গৰাকো খহায়। এয়েতো মোৰ দেশ, শান্তিৰ নিবিড় নীড় অসম মোৰ, হিয়াৰ আমঠু মোৰ ইয়াৰেই নদীবন ভৈয়াম পাহাৰ। .... .... .... ....' </poem>}} {{gap}}নিজৰ ঘৰখনক ভালনো নাপায় কোনে? পিছে গৃহস্থৰ দৰে মোৰ তীব্র আকর্ষণ নাই। থাকিব কেনেকৈ? মই যে পিতৃতান্ত্রিক সমাজৰ বিবাহিতা নাৰী। আমি হ'লো গৃহহীন। আমাৰ পিতাৰ ঘৰ আছে। শহুৰৰ ঘৰ আছে, মামাৰ ঘৰ আছে কিন্তু নিজা ঘৰ নাই। গতিকে সমগ্র বিশ্বখনকে নিজা ঘৰ বুলি ভাবো। সেইফালৰ পৰা ভাবিবলৈ গ’লে মই এক বিশ্ব নাগৰিক। তথাপি বাই-ভনী, আত্মীয়-স্বজন, বন্ধু-বান্ধৱীক লগ পাম বুলি ভাবি ধীৰে ধীৰে মোৰো মন গুৱাহাটীমুখী হ’বলৈ ধৰিলে। {{gap}}ইমানৰ পিছতো কিন্তু এটা বিচ্ছেদ-বেদনাই হৃদয়ৰ কোনোবা এটা চুকক বেদনার্ত কৰি তুলিলে। যিখন কলকাতাক কুৰি বছৰ আগতে আহি অসহ্য যেন লাগিছিল, সেইখন ঠাই এৰিব লাগিব শুনি নিজকে কিয় দেউলীয়া যেন লাগিছে। বিচিত্ৰ মানুহৰ মন! {{Center|'''বাংময় হৈ উঠে ইতিহাস'''}} {{gap}}কলকাতাৰ পৰিবেশত এটা যাদু আছে। ওঠৰ-ঊনৈশ শতিকাতে পছিমৰ ৰেনাঁছাৰ আলোকেৰে আলোকিত হৈছিল কলকাতা। ইয়াৰ আকাশে-বতাহে মই বিচাৰি ফুৰো ৰাজা ৰামমোহন ৰায়ক (২২/৫/১৭৭২-২৭/৯/১৮৩৩), তিৰোতা জাতিটোৰ প্ৰতি নির্দয়, নিষ্ঠুৰ সমাজৰ বিৰুদ্ধে যাৰ কণ্ঠ প্রথম ধ্বনিত হৈছিল। তিব্বতীয় ধৰ্মগুৰু দালাই লামাই কোৱাৰ দৰে ৰামমোহনেও সম্ভৱতঃ উপলব্ধি কৰিছিল, ‘আটাইতকৈ অন্ধকাৰাচ্ছন্ন<noinclude>{{Left|১১৮/ বাকীছোৱা জীৱন}}</noinclude> 6c7e2t86wc2qgwmwbastm37piw262jx পৃষ্ঠা:অনিমা গুহ.pdf/১২১ 104 59525 159796 158225 2022-07-24T07:23:07Z Pallabi Dutta.Baruah 2125 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pallabi Dutta.Baruah" /></noinclude>ঘটে। এওঁলোকৰ ভিতৰত ‘আসাম বুৰঞ্জী'ৰ ৰচয়িতা হলিৰাম ঢেকিয়াল ফুকন (১৮০২- ১৮৩২) আৰু তেওঁৰ ভায়েক যজ্ঞৰাম খাৰঘৰীয়া ফুকনৰ (১৮০৫-১৮৩৮) নাম উল্লেখযোগ্য। তেওঁলোক বংগৰ শ্ৰীৰামপুৰৰ পৰা বেপ্টিষ্ট মিছনাৰীৰ দ্বাৰা প্ৰকাশিত ‘সমাচাৰ দৰ্পণ' পত্ৰিকাৰ গ্ৰাহক আছিল। বাংলা আৰু সংস্কৃত ভাষাৰে শিক্ষিত হলিৰামক বংগৰ সামাজিক আন্দোলনবোৰে প্ৰভাৱিত কৰিছিল। ‘সমাচাৰ দৰ্পণ'লৈ লিখা এখন চিঠিত হলিৰামে স্ত্রী শিক্ষাক সমৰ্থন কৰা পৰিলক্ষিত হয়। ১৮৩১ চনৰ ৯ জুলাই তাৰিখে ‘সমাচাৰ দৰ্পণ'লৈ লিখা চিঠিত সতীদাহ প্রথা ৰোধ কৰাৰ বাবে যজ্ঞৰাম খাৰঘৰীয়া ফুকনে চৰকাৰক অভিনন্দন জনায়। এওঁলোকৰ দৰে দুই-চাৰিজন ব্যক্তিৰ বাহিৰে অসমৰ অধিকাংশ মানুহ আছিল ৰক্ষণশীল। নতুন চিন্তাধাৰাৰ পক্ষে-বিপক্ষে তেওঁলোকৰ মাজত বিতৰ্কৰ ধুমুহা বৈ গৈছিল। {{gap}}ইতিহাস মই বৰকৈ নাজানো যদিও ঐতিহাসিক ঠাইবোৰলৈ গ'লে কল্পনাত ডেউকা লগাই অতীতলৈ গুচি যাওঁ। উত্তৰ কলকাতাৰ মাণিকতলা অঞ্চললৈ গ'লে সপৰিয়ালে শেষ জীৱনটো এইখিনি ঠাইৰে ক'ৰবাত কটোৱা গুণাভিৰাম বৰুৱালৈ (১৮৩৭-১৮৯৪) মনত পৰে। ঊনৈশ শতিকাত উচ্চ শিক্ষা লাভ কৰিবলৈ অসমৰ পৰা কলকাতালৈ যোৱা ছাত্ৰসকলৰ ভিতৰত হলিৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯), গুণাভিৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ নাম উল্লেখযোগ্য। পাশ্চাত্যৰ ধ্যান-ধাৰণা আৰু বংগৰ নৱচেতনাই তেওঁলোকৰ মানসিকতাক এটা নির্দিষ্ট গঢ় দিছিল। তদুপৰি বংগৰ বিদ্বৎজনৰ ঘনিষ্ঠ সান্নিধ্যলৈ অহা বাবে তেওঁলোকৰ চিন্তাধাৰাৰ দ্বাৰাও প্রভাৱান্বিত হয়। দৰাচলতে অসমৰ জাতীয় জীৱনক নৱলব্ধ এই প্ৰভাৱেৰে প্ৰভাৱান্বিত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল আনন্দৰাম। অসমত স্ত্রীশিক্ষাৰ বাবে আগবাঢ়ি অহা প্রথম ব্যক্তিগৰাকীয়েই আছিল আনন্দৰাম। তেওঁ নিজৰ জীয়াৰী পদ্মাৱতীক ঘৰতে বিদ্যা শিক্ষা দিওৱাৰ ব্যৱস্থা কৰিছিল। {{gap}}আজি ইংৰাজী মাধ্যমৰ স্কুলত ল'ৰা-ছোৱালীক ভৰ্তি কৰিব নোৱাৰিলে জীৱন বৃথা বুলি ভবাসকলে শুনিলে অবাক হ’ব যে ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱা বাবে আনন্দৰামৰ খুৰাক যজ্ঞৰামৰ পৰিয়ালটোক তেতিয়াৰ সমাজপতিসকলে ‘জাত যোৱা’ আখ্যা দিছিল। আনকি এইখন ঘৰৰ ছোৱালী বিয়া কৰোৱা বাবে উদাৰমনা নান্দীশ্বৰ বৰুৱাক দেউতাকে হেনো ত্যাজ্য পুত্ৰ কৰিছিল। এতিয়া ডেৰশমান বছৰ পাছত ফৰফৰাই ইংৰাজী ক’ব পৰা সকলেহে ‘জাতত উঠে'। {{gap}}তাহানিৰ সেই ৰক্ষণশীল সমাজখনত ছোৱালীক শিক্ষাদান কৰাটো আছিল এক<noinclude>{{Left|১২০/ বাকীছোৱা জীৱন}}</noinclude> q9m9jyrettlso1ch83kxk7fywysjf2q